Disneyland 1972 Love the old s
মুখ্য পৃষ্ঠা
04/05/2619:55

নীলা খামৰ চিঠি
______________
মৰমৰ অনুৰাধা
আঘোণৰ পথাৰ খনৰ ব্যস্ততাৰ
মাজতে আজি বহু দিনৰ পিচত
আকৌ তোমালৈ বুলি হাতত কলম
তুলি লৈছো !ব্যস্ততাক
আকোৱালি তোমাক পাহৰি যোৱাৰ
ব্যৰ্থ
চেষ্টা কৰিছিলো যদিও ,নিসংগতা আৰু
স্মৃতিৰ নিষ্ঠুৰ অত্যাচাৰত সেয়া সম্ভৱ
নহ'ল !আশা কৰো কুশলে আছা তুমি !

অনুৰাধা ,এখন
দুখনকৈ তোমালৈ কেইবাখনো চিঠি পথালো তোমাৰ
পুৰনি ঠিকনাত !হয়তো প্ৰত্যুত্তৰ
দিয়াৰ প্ৰয়োজন বোধ নকৰিলা !
কিন্তু অতীত পাহৰি মই সুখি হ'ব
নোৱাৰাৰ অপৰাধতে তোমাক
বাৰে বাৰে আমনি কৰিছো !
অৱশ্যে তোমাৰ অবিহনে মই
জীয়াবলৈ পাহৰি যোৱা নাই !মৰি-
মৰি জীযাই থাকিবলৈকে হয়তো মোৰ
দৰে দুৰ্ভগীয়াৰ জন্ম হয় |ইতিহাসত
লিপিবদ্ধ নহয় দুখ অথবা প্ৰতাৰণাৰ !
হোৱা হ'লে মোৰ দৰে হাজাৰ হাজাৰ
দুৰ্ভগীয়াৰ চকুৰ পানী ওলমি থাকিল হয়
ইতিহাসৰ প্ৰতিটো পৃষ্ঠাত !জীৱনৰ
বুৰঞ্জী নিজ হাতেৰে লিখি চিতাৰ
দৰে জ্বলাই দিছো ! আপেক্ষত জন্ম
হয় আকৌ অন্য এখন বুৰঞ্জী !
প্ৰতিশ্ৰুতিৰ দলিলত শেষ স্বাক্ষৰ
কৰিবলৈ মই হাজাৰ বাৰ জন্ম হম |
তুমি মাথো কুশলে থাকা !

অনুৰাধা ,আৰু তোমাক
আমনি নকৰো |এই অধিকাৰ মোৰ শেষ হৈছে |ক্ষমা কৰিবা |

সীমনাত ,
তোমাৰ এদিনৰ....
মই

© ৰাজু কলিতা

2014